জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেন্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ’ৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলে কালি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, মন্ত্রী পীযূষ হাজৰিকা আৰু বিমল বৰাৰ উপস্থিতিত দলটোৱে প্ৰকল্পস্থলীৰ বিভিন্ন দিশৰ বুজ লয়। অধ্যক্ষগৰাকীৰ নেতৃত্বত দলটোৱে এই প্রকল্প পৰিদৰ্শন কৰি উৎসাহিত হোৱাৰ লগতে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত কাম কৰি যাবলৈ আগ্ৰহ প্ৰকাশ কৰে। দলটোৰ এই ভ্ৰমণ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনলৈ এনেদৰে বিদেশী প্ৰতিনিধিৰ সঘনে আগমন হোৱাটো শুভ লক্ষণ বুলি মন্তব্য কৰে। অনাগত সময়ত জাপানে অসমৰ বিভিন্ন উদ্যোগত বিনিয়োগ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
ইয়াৰ আগেয়ে জাপানৰ দলটোৱে আই আই টি গুৱাহাটীৰ আমিনগাঁৱত থকা আছিয়ান ৱান টেকনিকেল ডেভেলপমেণ্ট চেণ্টাৰ পৰিদৰ্শন কৰে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত দলটোৱে কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় আৰু জাপান চৰকাৰৰ উদ্যোগত শীঘ্ৰেই যুৱক-যুৱতীসকলক জাপানীজ ভাষাৰ লগতে বিভিন্ন কাৰিকৰী দিশত প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব বুলি মত পোষণ কৰে। ইয়াৰ ফলত অসমৰ যুৱক-যুৱতীয়ে জাপানত কৰ্মসংস্থাপন লাভ কৰিব পাৰিব বুলি মন্ত্ৰী শ্ৰী দাসে আশা ব্যক্ত কৰে। জাপানৰ নিম্ন সদনৰ অধ্যক্ষগৰাকীয়ে কেন্দ্ৰটো পৰিদৰ্শন কৰি কয়, যে তথ্য-প্রযুক্তি তথা মানৱ সম্পদেৰে ভাৰত সমৃদ্ধিশালী। জাপানত প্ৰতিষ্ঠিত হ’বলৈ বিচৰা মানৱ সম্পদক উনি যোগাবলৈ দেশখন আগ্রহী বুলি তেওঁ উল্লেখ কৰে। তদুপৰি আন্তঃগাঁথনি, নির্মাণ, শিক্ষা, অর্থনীতি তথা ৰাজনৈতিক ক্ষেত্ৰতো গণতান্ত্রিক দেশ দুখনে সহযোগিতাৰে কাম কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। এই পৰিদৰ্শন কালত আই আই টি গুৱাহাটীয়ে উদ্যমিতা আৰু ষ্টার্টআপৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থা সম্পর্কে দলটোক অৱগত কৰে। প্ৰতিষ্ঠানটোত নির্মীয়মান অত্যাধুনিক স্বাস্থ্য বিজ্ঞান প্রতিষ্ঠান আছাম এডভাল্ড হেল্থ কেয়াৰ ইন’ভেচন ইনষ্টিটিউট সম্পর্কতো মুখ্য পৰিচালন বিষয়া ড° সজল সেনে অৱগত কৰে। ২ এপ্ৰিলত আৰম্ভ হোৱা এই প্রতিষ্ঠানটোত ৪ টা বিষয়ৰ গৱেষণাৰ কাম আৰম্ভ হৈছে আৰু ৩০ মাহৰ ভিতৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।
উল্লেখযোগ্য যে দলটোৱে অসমত উপস্থিত হোৱাৰ পাছতে বিধানসভাত জাপানৰ প্ৰতিনিধিৰ দলটোৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই জাপানৰ এই দলটোক আদৰণি জনাই কয়, যে এই ভ্রমণে অসম আৰু জাপানৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।