শ্রীঅমৰনাথ জী যাত্ৰা ২০২৪ ৰ বিশেষ পনী এম্বুলেঞ্চ সেৱা মুকলি

জম্মু কাশ্মীৰত স্বাস্থ্যসেৱা সঞ্চালকালয়ে শ্রীঅমৰনাথ জী যাত্ৰা ২০২৪ ৰ বাবে বিশেষ পনী এম্বুলেঞ্চ সেৱা মুকলি কৰিছে। এই এম্বুলেঞ্চৰ দ্বাৰা তীর্থযাত্ৰীসকলে যাত্ৰাৰ সময়ছোৱাত সন্মুখীন হোৱা জটিল স্বাস্থ্যজনিত সেৱা আগবঢ়োৱা হ’ব। কাশ্মীৰৰ স্বাস্থ্যসেৱা সঞ্চালক ডº মুস্তাক আহমদ ৰাথাৰে চিকিৎসা শিক্ষা আৰু স্বাস্থ্য বিভাগৰ সচিব ডº ছৈয়দ অবিধ ৰাছিদ শ্বাহৰ নিৰ্দেশনাত মুকলি কৰা এই বিশেষ এম্বুলেঞ্চে সেৱা যাত্ৰীসকলৰ মাজত বহুলভাৱে প্ৰশংসিত হোৱা পৰিলক্ষিত হৈছে। এই পনী এম্বুলেঞ্চখনত বিশেষভাৱে প্রশিক্ষিত স্বাস্থ্যকর্মীয়ে তীর্থযাত্ৰীসকলে সন্মুখীন হোৱা বিভিন্ন স্বাস্থ্যজনিত বিভিন্ন সমস্যাৰ প্ৰতি দ্রুত সঁহাৰি জনোৱাৰ ফলত ৰোগ আৰু মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস হোৱা দেখা গৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।