ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 13, 2025 12:37 PM | J P Nadda

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ প্ৰশংসা জগত প্রকাশ নাড্ডাৰ

কেন্দ্রীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা জগত প্রকাশ নাড্ডাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ প্ৰশংসা কৰে। তেওঁ কয়, যে পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা প্ৰধানমন্ত্ৰীৰ ভাষণত প্ৰতিফলিত হৈছে। সামাজিক মাধ্যমৰ এটা পষ্টত বিজেপি নেতাগৰাকীয়ে কয়, যে অপাৰেচন সিন্দূৰৰ অধীনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক সকীয়নি দিয়াৰ লগতে ভাৰতীয় সেনাৰ বীৰত্বৰ কথা দোহাৰিছে। তেওঁ কয়, যে প্রধানমন্ত্রীয়ে এই কথা উল্লেখ কৰিছে যদিহে পাকিস্তানৰ সৈতে কোনো আলোচনা হয় তেন্তে কেৱল সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰ সম্পর্কৰ্তহে আলোচনা হ’ব। তেওঁ কয়, যে প্রধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ জৰিয়তে সমগ্ৰ বিশ্বকে বুদ্ধৰ বাৰ্তা প্ৰেৰণ কৰিছে ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত দেশে শক্তিশালী হোৱাৰ লগতে সমৃদ্ধি লাভ কৰিছে। তেওঁ কয়, যে ভাৰতীয় নাগিৰকসকলৰ নিৰাপত্তা হৈছে চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ আৰু চৰকাৰে সন্ত্রাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে বদ্ধপৰিকৰ।