ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 4, 2025 6:17 PM | J P Nadda

printer

জে পি নাড্ডাৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন ষ্টিয়েৰিং গোটৰ নৱমখন বৈঠক

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন ষ্টিয়েৰিং গোটৰ নৱমখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত স্বাস্থ্যক্ষেত্ৰৰ উন্নত সা- সুবিধা বৃদ্ধি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লক্ষ্য প্ৰাপ্তিৰ বাবে নীতি পৰিকাঠামো, কাৰ্যকৰী কৌশল আৰু বিত্তিয় নীতি নিয়ম সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়ালকল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অনুপ্রিয়া পেটেল আৰু নীতি আয়োগৰ উপ-অধ্যক্ষ সুমন কে বেৰি উপস্থিত থাকে।