ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 28, 2025 12:56 PM | J P Nadda

printer

দুদিনীয়া ভ্রমণসূচীৰে জে পি নাড্ডা কালি ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডা দুদিনীয়া ভ্রমণসূচীৰে কালি ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীয়ে আজি পুৰীত আয়োজিত ভাৰতৰ জনস্বাস্থ্য সেৱা ব্যৱস্থাত উদ্ভাৱণ আৰু ভাল তথা অনুকৰণীয় অভ্যাস বিষয়ক নৱম ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। তেওঁ লগতে ষোড়শ উমৈহতীয়া পুণৰীক্ষণ অভিযানৰ প্ৰতিবেদনো মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে এই সন্মিলনৰ আয়োজন কৰিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, স্বাস্থ্যমন্ত্রী ড° মুকেশ মহালিং আৰু বিভিন্ন ৰাজ্যৰ স্বাস্থ্য সচিবসকলে সন্মিলনৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা আছে। সন্মিলনৰ পাছত শ্ৰীনাড্ডাই পুৰীৰ শ্ৰীজগন্নাথ মন্দিৰ দৰ্শন কৰিব। আজি বিয়লি মন্ত্ৰীগৰাকীয়ে বিজেপি নেতা তথা কাৰ্যকৰ্তাসকলৰ সৈতেও মিলিত হোৱাৰ কথা আছে।