December 4, 2025 11:57 AM | J P Nadda

printer

যক্ষ্মা নির্মূলৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা স্বাস্থ্যমন্ত্রীৰ

 কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে.পি নাড্ডাই যক্ষ্মা নির্মূলৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰিছে। ২০১৫ৰ পৰা ২০২৪ চনৰ ভিতৰত দেশত যক্ষ্মাৰ প্রাদুর্ভাব ২১ শতাংশ হ্রাস পাইছে আৰু সেয়া বিশ্বৰ হাৰৰ প্ৰায় দুগুণ বুলি তেওঁ উল্লেখ কৰে।

নতুন দিল্লীত যক্ষ্মামুক্ত ভাৰতৰ বিষয়কলৈ মহাৰাষ্ট্ৰৰ সাংসদসকলৰ সৈতে কালি হোৱা এখন বৈঠকত শ্রীনাড্ডাই এই অভিযানত অগ্রণী ভূমিকা গ্ৰহণ কৰা বাবে মহাৰাষ্ট্ৰৰ প্রশংসা কৰে। মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, ৯০ শতাংশ চিকিৎসাৰ সফলতাৰ হাৰেৰে ভাৰতে বিশ্ব গড় ৮৮ শতাংশ অতিক্ৰম কৰি সুস্থ ভৱিষ্যতৰ দিশত অগ্রগতি ত্বৰান্বিত কৰাৰ ক্ষেত্রত দৃঢ় পদক্ষেপ লৈছে। চৰকাৰৰ পোনপটীয়া সুবিধা হস্তান্তৰ ব্যৱস্থাই ৰোগীসকলক তেওঁলোকৰ দৈনন্দিন পুষ্টি আৰু অন্যান্য অত্যাৱশ্যকীয় প্রয়োজনীয়তাসমূহ পূৰণ কৰাত সহায় কৰিছে বুলিও শ্রীনাড্ডাই উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যক্ষ্মা নির্মূলৰ ক্ষেত্ৰত ভাৰতৰ এই সফলতাৰ মূল অৰিহণা এই অভিযানত সক্রিয়ভাৱে অংশগ্ৰহণ কৰি অহা দেশৰ জনতাৰ।

কালিৰ কাৰ্যসূচীত মহাৰাষ্ট্ৰৰ সাংসদসকলে নিজ নিজ সমষ্টিত সজাগতা অভিযান আৰু নি-ক্ষয় শিৱিৰৰ আয়োজন কৰি আগতীয়াকৈ যক্ষ্মা ৰোগ নিৰ্ণয় আৰু নির্মূল কৰাটো সুনিশ্চিত কৰাৰ সংকল্প গ্রহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।