কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে কালি নতুন দিল্লীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে বাণিজ্যিক কয়লা খনি চতুর্দশ পর্যায় মুকলি কৰে। এই উপলক্ষে শ্রীৰেড্ডীয়ে কয়, যে ব্যবসায় সুগম কৰি তোলা, বিভিন্ন ক্ষেত্ৰৰ বাবে বিনিয়োগ আকৰ্ষণ কৰা আৰু উদ্যোগ জগতৰ ব্যাপক অংশগ্রহণত উদগণি যোগোৱাই এই নিলামৰ মূল উদ্দেশ্য। মন্ত্ৰীগৰাকীয়ে কয়, যে প্ৰথমবাৰৰ বাবে কয়লা আৰু খনি মন্ত্রালয়ে নিলামৰ পৰিকাঠামোৰ অধীনত ভূমিগত কয়লা গেছীয়কৰণৰ ব্যৱস্থা কৰিছে। শ্রীৰেড্ডীয়ে কয়, যে ১৪টা ৰাউণ্ডত মুঠ ৪১টা কয়লা খনিৰ প্ৰস্তাৱ দিয়া হৈছে, ইয়াৰে ২১টা খনিত ভূমিগত কয়লা গেছীয়কৰণৰ সম্ভাৱনা আছে। মন্ত্ৰীগৰাকীয়ে কয়লা শক্তি ডেচবোর্ডবো শুভাৰম্ভ কৰে। এই ব্যৱস্থাই খনিৰ পৰা বজাৰলৈ কয়লাৰ যোগান শৃংখলাৰ ওপৰত নজৰ ৰখাৰ বাবে সহজ ইণ্টাৰফেচ প্ৰদান কৰিব। বাস্তৱিক সময়ৰ তথ্য বিনিময়ৰ জৰিয়তে কয়লা কোম্পানীত বন্দৰ, ৰে’লৱে আৰু শেষৰগৰাকী ব্যৱহাৰকাৰীৰ মাজত সমন্বয় উন্নত কৰাই ইয়াৰ মূল উদ্দেশ্য। অনুষ্ঠানত ৰাজহুৱা খণ্ডৰ কয়লা গোটসমূহৰ ভূমি অধিগ্রহণ, ক্ষতিপূৰণ আৰু পুনর্বাসন প্রক্রিয়াক ডিজিটেল ৰূপ প্রদানৰ উদ্দেশ্যে কয়লা ভূমি অধিগ্রহণ ব্যৱস্থাপনা আৰু ধনাদায় পোর্টেল ক্লেম্পো মুকলি কৰে।
Site Admin | October 30, 2025 12:55 PM | J Kishan Reddy
ভার্চুৱেল ব্যৱস্থাৰে বাণিজ্যিক কয়লা খনি চতুর্দশ পর্যায় মুকলি জি কিষাণ ৰেড্ডীৰ