ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 7, 2025 8:27 PM | J Kishan Reddy

printer

দেশৰ খনন খণ্ডটোৰ বিকাশ, জনকল্যান আৰু পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন

কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে কৈছে, যে দেশৰ খনন খণ্ডটোক বিকাশ, জনকল্যান আৰু পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবলৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছে। আজি জয়পুৰত দেশৰ বিভিন্ন প্ৰান্তৰ সপ্ত তাৰকা আৰু পঞ্চ তাৰকাপ্ৰাপ্ত খনিসমূহৰ বাবে আয়োজন কৰা এটা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত শ্ৰীৰেড্ডীয়ে এইকথা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহে কয়লা খনিত কাৰ্যৰত শ্ৰমিকসকল আৰু কয়লা খনিৰ আশে পাশে বাস কৰা লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰা বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয়। বহনক্ষম খনন কাৰ্য সুনিশ্চিত কৰিবলৈ বিভিন্ন ধৰণৰ নতুন প্রযুক্তি প্ৰয়োগ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। কয়লা খনিসমূহত কাৰ্যৰত শ্ৰমিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বিশেষ ধ্যান দিয়াটো অত্যন্ত প্রয়োজনীয় বুলিও শ্ৰীৰেড্ডীয়ে লগতে কয়।

 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।