ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 10, 2025 12:30 PM | issf shooting

printer

জাৰ্মানীৰ মিউনিখত আজি চলিত বৰ্ষৰ ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতা আৰম্ভ

জাৰ্মানীৰ মিউনিখত আজি চলিত বৰ্ষৰ ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতা আৰম্ভ হ’ব। মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল আৰু পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানৰ ফাইনেলেৰে এই প্ৰতিযোগিতা মুকলি হ’ব। এইবেলি ৩ গৰাকী ভাৰতীয় খেলুৱৈয়ে এই প্রতিযোগিতাত অভিষেক ঘটাবলৈ সাজু হৈছে। ৩৬ গৰাকী খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটো প্ৰতিযোগিতাত ভাগ লোৱা দেশসমূহৰ ভিতৰত সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছে। অলিম্পিকৰ পিষ্টল শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰা মনু ভাকেৰ আৰু কিৰণ অংকুশ যাদৱকে ধৰি পুৰুষৰ ৰাইফল শিতানৰ তাৰকা খেলুৱৈ অৰ্জুন বাবুটা আৰু স্বপ্নীল কুশালেও প্ৰতিযোগিতাত দেশক প্রতিনিধিত্ব কৰিব। বিশ্বকাপত চাৰিবাৰকৈ পদক অৰ্জন কৰা বৰুণ টোমৰ আৰু বিশ্বকাপত দুবাৰকৈ সোণৰ পদক অৰ্জন কৰা এলাভেনিল ভালাবিভানৰ লগতে ইন্দৰ সিং সুৰুচি আৰু সৰৱজোৎ সিঙেও প্ৰতিযোগিতাত দেশৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।