ডাউনলোড
মোবাইল এপ

android apple
signal

য়েমেনৰ হুটি বিদ্রোহীসকলৰ সম্ভাব্য প্রত্যাক্রমণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ বায়ুসেনাৰ হাই এলার্ট জাৰি

য়েমেনৰ হুটি বিদ্রোহীসকলৰ সম্ভাব্য প্রত্যাক্রমণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ বায়ুসেনাই হাই এলার্ট জাৰি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণৰ পাছত অঞ্চলটোত উত্তেজনা অধিক বৃদ্ধি পাইছে। ইজিপ্তৰ শৰ্ম-এল-শ্বেইখত য়েমেনৰ পৰা কৰা মিছাইল আক্ৰমণৰ পাছতে ইজৰাইল এতিয়া অধিক তৎপৰ হৈ পৰিছে। এই আক্ৰমণ ইজৰাইল নে অঞ্চলটোত অৱস্থিত আমেৰিকাৰ প্ৰতিষ্ঠানৰ ওপৰত কৰা হৈছিল সেয়া নিশ্চিত হ’বলৈ ইজৰাইলৰ চোৰাংচোৱা সংস্থাই তদন্ত অব্যাহত ৰাখিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ দ্বাৰা য়েমেনত হুটি অৱস্থানসমূহত কৰা বৃহৎ‍ বিমান আক্ৰমণৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি উত্তেজনাপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে। ট্রাম্পৰ দ্বিতীয় কাৰ্যকালত আমেৰিকাৰ সেনাৰ আক্ৰমণত য়েমেনত এতিয়ালৈ কমেও ৩১ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ১০১ জন আঘাটপ্রাপ্ত হৈছে। ইজৰাইল হামাছৰ সংঘৰ্ষৰ আৰম্ভণিৰে পৰা ইৰাণ সমর্থিত হুটিয়ে পেলেষ্টাইনীসকলৰ সমৰ্থনত ইজৰাইলৰ বিভিন্ন অঞ্চলত প্ৰায় ৩২০টা ড্রোণ আক্ৰমণ কৰিছে। হুটি বিদ্রোহীসকলে এতিয়া আমেৰিকা আৰু ইংলেণ্ডৰ বিৰুদ্ধে প্রত্যাক্রমণৰ কৰাটো স্পষ্ট কৰাৰ পাছতেই সংঘৰ্ষ অধিক তীব্ৰতৰ হোৱাৰ আশংকাই দেখা দিছে।

অধিক পঢ়ক

সকলো চাওক