ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

IPL: সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

আই পি এল ক্রিকেটত কালি নিশা আহমেদাবাদত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৮ ৰানত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ২২৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে ৩৮টা বলত ৭৬ ৰান আৰু জোছ বাটলাৰে ৩৭টা বলত ৬৪ ৰান সংগ্ৰহ কৰে। হায়দৰাবাদৰ হৈ জয়দেৱ উনাদকাটে তিনিটা আৰু পেট কামিন্স আৰু জীশন আনছাৰীয়ে এটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দাবাদে নিৰ্ধাৰিত অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। হায়দৰাবাদৰ হৈ অভিষেক শর্মাই ৪১টা বলত ৭৪ ৰান সংগ্ৰহ কৰে। গুজৰাট টাইটানছৰ প্ৰসিদ্ধ কৃষ্ণই মাত্র ১৯ ৰান দি ২টা উইকেট দখল কৰি মেন অব দা মেচ খিতাপ দখল কৰে। আজি
বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।