December 6, 2025 11:42 AM | Indigo airlines

printer

ইণ্ডিগ’ এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ কেন্দ্ৰীয় চৰকাৰৰ তদন্ত ঘোষণা

কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগ’ এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কৰিছে। ইয়াৰ বাবে এখন চাৰিজনীয়া সমিতি গঠন কৰা হৈছে। ১৫ দিনৰ ভিতৰত এই বিপৰ্যয়ৰ কাৰণ আৰু গাফিলতি সন্দৰ্ভত অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিখনক নির্দেশ দিয়া হৈছে। সমিতিখনে বিমান পৰিবহণ সংস্থাটোৰ কৰ্মচাৰী, পাইলটকে ধৰি কৰ্তৃপক্ষৰ অৱহেলা সন্দৰ্ভতো তদন্ত কৰিব।

ইপিনে, অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে ইণ্ডিগ’ৰ বিমান সেৱা আজি সামান্য উন্নত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰৰ মূল উদ্দেশ্য হৈছে বিমানবন্দৰত সৃষ্টি হোৱা অসুবিধাজনক পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু এই ক্ষেত্ৰত সকলো অংশীদাৰৰ সৈতে সক্রিয়ভাবে যোগাযোগ ৰক্ষা কৰা হৈছে। নতুন দিল্লীত সাংবাদিকৰ আগত শ্রীনাইডুৱে কয়, যে অসামৰিক বিমান পৰিবহণ মন্ত্র্যালয়ে সকলো বিমানবন্দৰ আৰু বিমান পৰিবহণ সংস্থাৰ সৈতে যোগাযোগ ৰক্ষা কৰি শিশু, মাতৃ, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে।

সমগ্র দেশতে ইণ্ডিগ’ৰ বহুসংখ্যক বিমানৰ সেৱা বাতিল হোৱাৰ ফলত যাত্রীসকলে সম্মুখীন হোৱা অসুবিধাৰ পৰিপ্ৰেক্ষিতত ইণ্ডিগ’ৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ এলবাছে ক্ষমা বিচাৰিছে। এটা ভিডিঅ’ বার্তাত শ্রীএলবাছে কয়, যে বিগত কেইটামান দিনত বিমান পৰিবহণ সংস্থাটোৱে গুৰুতৰ পৰিচালন সমস্যাৰ সন্মুখীন হৈছে, যাৰ ফলত বিশেষকৈ কালিৰ দিনটোত এহেজাৰৰো অধিক বিমান বাতিল কৰিবলগীয়া হয়। অহা ১০ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত ইণ্ডিগ’ৰ বিমান সেবা পুনৰ স্বাভাবিক অৱস্থালৈ ঘুৰি আহিব বুলি মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে আশ্বাস দিয়ে।দেশৰ ব্যক্তিগত খণ্ডৰ বৃহত্তম বিমান পৰিবহণ সংস্থা ইণ্ডিগ’ এয়াৰলাইন্সৰ পাইলটসকলৰ অসহযোগিতাকে ধৰি বিভিন্ন কাৰণত কালিও সমগ্র দেশতে পৰিবহণ সংস্থাটোৰ বিমান সেৱা অচল হৈ থকাত যাত্রীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ উপৰি ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, তেজপুৰ আৰু ইটানগৰৰ সমীপৰ হলংগি বিমানবন্দৰৰ পৰা চলাচল কৰা ইণ্ডিগ’ৰ কেইবাখনো বিমানৰ যাত্রা বাতিল হয়। ইণ্ডিগ’ কর্তৃপক্ষই তেওঁলোকৰ বিমানসমূহৰ যাত্রা বাতিল অথবা সময়সূচী সলনি সন্দর্ভত কোনো আগতীয়া তথ্য প্রকাশ নকৰাৰ বাবে বিমানবন্দৰত বিশৃংখলতাৰ সৃষ্টি হয়।