December 11, 2025 11:51 AM | IndiGo

printer

ইণ্ডিগ’ৰ কৰ্পৰেট কাৰ্যালয়ত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিশেষ তদাৰকী গোট গঠন

বিমান বাতিল আৰু বিমান উৰণত বিলম্ব হোৱাক কেন্দ্ৰ কৰি গুৰুগ্ৰামৰ ইণ্ডিগ’ৰ কৰ্পৰেট কাৰ্যালয়ত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিশেষ তদাৰকী গোট গঠন কৰিছে। সঞ্চালকালয়ে ঘোষণা কৰে, যে এই পদক্ষেপৰ লক্ষ্য হৈছে বিমান উৰণত বিলম্ব আৰু বাতিলৰ ফলত যাত্রীসকলে সম্মুখীন হোৱা অসুবিধা দূৰ কৰা। উপ-মুখ্য বিমান পৰিচালন পৰিদৰ্শক কেপ্তেইন বিক্ৰম শৰ্মাৰ নেতৃত্বত গঠিত এই আঠজনীয়া দলটোৱে বিমানৰ বিভিন্ন ক্ষেত্ৰ নিৰীক্ষণ কৰিব।

প্রতিদিনে বিমান সংস্থাটোৰ কাৰ্যালয়ত দুগৰাকী সদস্যক নিয়োজিত কৰা হ’ব। লগতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিষয়া ঐশ্বৰ সিং আৰু মণি ভূষনে দৈনিক বিমান বাতিল, ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া, সময়মতে কাম কৰা, যাত্ৰীৰ ক্ষতিপূৰণ আদি নিৰীক্ষণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।