কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই আজি কয় যে ভাৰতৰ স্বাস্থ্য প্ৰণালীয়ে সার্বজনিন স্বাস্থ্য কভাৰেজ-ইউ এইচ চি আদায় কৰিবৰ বাবে সম্পূৰ্ণ চৰকাৰ আৰু সম্পূৰ্ণ সমাজ ব্যৱস্থাক আঁকোৱালি লৈছে। ইয়াৰ অধীনত প্ৰাথমিক স্বাস্থ্য চোৱাচিতা আৰু আৱশ্যকীয় সেৱা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থা ডব্লিঅ’ এইচ অ’ৰ দক্ষিণ পূব এছিয়াৰ আঞ্চলিক সমিতিৰ ৭৭ সংখ্যক সন্মিলনক সম্বোধন কৰি শ্ৰীনাড্ডাই কয় যে, চৰকাৰৰ আয়ুষ্মান ভাৰত – প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দ্বাৰা ১২ কোটিতকৈও অধিক পৰিয়াল লাভৱান্বিত হৈছে আৰু প্ৰত্যেকটো পৰিয়ালৰ বছৰি স্বাস্থ্য সেৱাৰ বাবে ৬ হেজাৰ ডলাৰ বাৰ্ষিক লাভ প্রদান কৰা হৈছে। শ্ৰীনাড্ডাই লগতে কয় যে, ভাৰতে বিশ্বজনিন পৰম্পৰাগত ঔষধ কেন্দ্ৰ খুলিবৰ বাবে ডব্লিঅ’ এইচ অ’ক সমৰ্থন কৰিছে। তেওঁ কয় যে ভাৰতে উচ্চ ৰক্তচাপ, মধুমেহ আৰু হৃদৰোগৰ নিচিনা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ বাবে ২০১০ চনৰ পৰা ইয়াৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। কাৰ্যসূচীৰ অংশ হিচাপে প্রাথমিক অৱস্থাত ৭৫৩ টা এন চি ডি ক্লিনিক, ৩৫৬ টা দে’ কেয়াৰ চেণ্টাৰ আৰু ৬ হেজাৰ ২৩৮ টা সামুহিক স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিছে। উল্লেখযোগ্য যে শ্রীনাড্ডাক ডব্লিঅ এইচ অ’ৰ দক্ষিণ পূব এছিয়াৰ আঞ্চলিক সমিতিৰ ৭৭ সংখ্যক অধিৱেশনত অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে।
আয়ুষ্মান ভাৰত, প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দ্বাৰা ১২ কোটিতকৈও অধিক পৰিয়াল লাভৱান্বিত হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
