২০২৬ চনত অষ্ট্ৰেলিয়াত হ’বলগীয়া মহিলাৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত ভাগ লোৱাৰ বাবে থাইলেণ্ডলৈ যাবলগীয়া ভাৰতৰ ২৪ জনীয়া দলৰ সদস্যসকলৰ নাম ঘোষণা কৰা হৈছে। ভাৰতীয় জ্যেষ্ঠ মহিলা দলটোৰ মুখ্য প্রশিক্ষক ক্ৰিছপিন চেত্ৰীয়ে সদস্যসকলৰ নাম প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰথমখন খেলৰ পূৰ্বে ২৩ গৰাকী খেলুৱৈৰ চূড়ান্ত তালিকা মুকলি কৰা হ’ব । প্রতিযোগিতাৰ বি-গ্ৰুপত স্থান লাভ কৰা ভাৰতে ২৩ জুনত মংগোলীয়া, ২৯ জুনত টিম’ৰ লেষ্টে, ২ জুলাইত ইৰাক আৰু ৫ জুলাইত আয়োজক থাইলেণ্ডৰ বিৰুদ্ধে খেলিব। প্রতিযোগিতাৰ খেলসমূহ থাই ওমেনছ ফুটবল ফেচবুক পেজ আৰু চাংছুৱেক ইউটিউব চেনেলযোগে পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব। প্ৰতিযোগিতাৰ গ্রুপ পৰ্যায়ৰ বিজয়ীসকলে অহা বছৰৰ মাৰ্চত অষ্ট্ৰেলিয়াত হ’বলগীয়া মূল প্রতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব। ২০২৭ চনত ব্ৰাজিলত হ’বলগীয়া মহিলাৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বাবেও এছিয়ান কাপক যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতা হিচাপে চিহ্নিত কৰা হৈছে।
মহিলাৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ যোগ্যতা নিৰ্ণয়কাৰী খেলৰ বাবে ভাৰতৰ ২৪জনীয়া দলৰ সদস্যৰ নাম ঘোষণা
