June 17, 2025 9:41 AM

views 14

মহিলাৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ যোগ্যতা নিৰ্ণয়কাৰী খেলৰ বাবে ভাৰতৰ ২৪জনীয়া দলৰ সদস্যৰ নাম ঘোষণা

২০২৬ চনত অষ্ট্ৰেলিয়াত হ'বলগীয়া মহিলাৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত ভাগ লোৱাৰ বাবে থাইলেণ্ডলৈ যাবলগীয়া ভাৰতৰ ২৪ জনীয়া দলৰ সদস্যসকলৰ নাম ঘোষণা কৰা হৈছে। ভাৰতীয় জ্যেষ্ঠ মহিলা দলটোৰ মুখ্য প্রশিক্ষক ক্ৰিছপিন চেত্ৰীয়ে সদস্যসকলৰ নাম প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰথমখন খেলৰ পূৰ্বে ২৩ গৰাকী খেলুৱৈৰ চূড়ান্ত তালিকা মুকলি কৰা হ'ব । প্রতিযোগিতাৰ বি-গ্ৰুপত স্থান লাভ কৰা ভাৰতে ২৩ জুনত মংগোলীয়া, ২৯ জুনত টিম'ৰ লেষ্টে, ২ জুলাইত ইৰাক আৰু ৫ জুলাইত আয়োজক থাইলেণ্ডৰ বিৰুদ্ধে খে...