ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত আৰু বাংলাদেশ টেষ্ট শৃংখলাৰ অন্তিম দিনা বাংলাদেশে ২ উইকেট ২৬ ৰান সংগ্ৰহৰ পৰা আজি খেল আৰম্ভ কৰিব

■ ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অন্তিম দিনা বাংলাদেশে কালি ২ উইকেট ২৬ ৰান সংগ্ৰহ কৰি থকাৰ পৰা নিজৰ খেল আৰম্ভ কৰিব। কালি খেল সমাপ্তিৰ সময়ত বাংলাদেশৰ মমিনুল হক আৰু ছাদমান ইছলামে বেটিং কৰি আছিল। ভাৰতৰ হৈ ৰবিচন্দ্ৰন অশ্বিনে দুয়োটা উইকেট দখল কৰিছিল। ইয়াৰ পূৰ্বে ভাৰতে কালি ৯ উইকেট হেৰুৱাই ২৮৫ ৰান সংগ্ৰহ কৰাৰ পাছত প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰিছিল।
উল্লেখযোগ্য যে কালি ভাৰতীয় দলটোৱে টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্ৰুততম ৰান সংগ্ৰহৰ কেইবাটাও অভিলেখ স্থাপন কৰে। যশস্বী জয়ছোৱালে ৩১টা বলত ৫০ ৰান সংগ্ৰহ কৰে, যিটো ভাৰতীয় অপেনাৰৰ সর্বাধিক দ্রুততম অর্ধশতক।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।