ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড সেনাবাহিনীয়ে যৌথভাৱে থাইলেণ্ডৰ মৈত্রী ২০২৪ সামৰিক অনুশীলন চলাই আছে। এই অনুশীলনে ৰাষ্ট্ৰসংঘৰ চনদৰ অধীনত সামৰিক সহযোগিতা বৃদ্ধি আৰু দুয়োখন ৰাষ্ট্ৰৰ কার্যকৰী ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। জনসম্পৰ্কৰক্ষী বিষয়াৰ এক বিজ্ঞপ্তি অনুসৰি দুয়োটা দলৰ সেনাই বনাঞ্চল আৰু চহৰীয়া পৰিবেশত সন্ত্ৰাসবাদ বিৰোধী অভিযানত গুৰুত্ব আৰোপ কৰি কঠোৰ অনুশীলন চলাই আছে। বৰ্তমানলৈকে চলোৱা প্রশিক্ষণত অস্ত্র প্রশিক্ষণ, পৰ্বতাৰোহণ, বনাঞ্চলত জীয়াই থকাৰ কৌশল, যোগাযোগ অনুশীলন, প্রাথমিক চিকিৎসা আদি অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড সেনাৰ মাজত কাৰ্যকৰী সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কার্যসূচী ১৫ জুলাই লৈ অব্যাহত থাকিব। এই অনুশীলনে আঞ্চলিক নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা আৰু শান্তি প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰিব বুলি আশা কৰা হৈছে ৷
Site Admin | July 8, 2024 6:51 PM | India-thailand joint
ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড সেনাবাহিনীৰ থাইলেণ্ডৰ মৈত্রী ২০২৪ সামৰিক অনুশীলন
