ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সিন্দূৰ অভিযানৰ পাছত পাকিস্তানে পৰিস্থিতিৰ অধিক অৱনতি ঘটালে ভাৰত যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু

সিন্দূৰ অভিযানৰ অধীনৰ নিখুঁত ক্ষেপনাস্ত্ৰ আক্ৰমণৰ পাছত পাকিস্তানে পৰিস্থিতিৰ অধিক অৱনতি ঘটালে ভাৰত যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি নতুন দিল্লী মহলে প্রকাশ কৰিছে। ২৫ মিনিট জোৰা সিন্দূৰ অভিযানৰ অধীনত সশস্ত্র বাহিনীসমূহে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰতিশোধকল্পে মঙলবাৰে নিশা ক্ষেপনাস্ত্ৰৰে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে। সেনা, বায়ুসেনা আৰু বিদেশ মন্ত্ৰ্যালয়ে কালি পুৱা সিন্দূৰ অভিযান সন্দৰ্ভত নতুন দিল্লীত সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত স্থলসেনাৰ ছ’ফিয়া কুৰেশ্বি আৰু বায়ুসেনাৰ উইং কামাণ্ডাৰ বোমিকা সিঙে কয়, যে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণত বলি হোৱা লোকসকলক ন্যায় প্ৰদানৰ উদ্দেশ্যে এই অভিযান ৰূপায়ণ কৰা হয়। কর্ণেল কুৰেশ্বিয়ে এই অভিযানৰ অধীনত আক্ৰমণ চলোৱা ঠাইসমূহৰ সবিশেষ প্ৰকাশ কৰে। উইং কামাণ্ডাৰ বোমিকা সিঙে কয়, যে সশস্ত্র বাহিনীসমূহ ভৱিষ্যতে পাকিস্তানৰ দুঃসাহসৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সম্পূৰ্ণৰূপে সাজু। সংবাদমেলত বিদেশ সচিব বিক্রম মিশ্রিয়ে কয়, যে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ তদন্তত আক্ৰমণত জড়িত সন্ত্ৰাসবাদী কেইজনৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।