নতুন দিল্লীত কালি চতুর্থ ভাৰত-ইউৰোপীয় সংঘ সামুদ্রিক নিৰাপত্তা আলোচনা অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰস্ত্ৰকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা পৰিক্ৰমা বিভাৰ যুটীয়া সচিব মুৱানপুই ছেয়াৱিয়ে ভাৰতীয় প্ৰতিনিধিসকলক নেতৃত্ব দিয়ে। আনহাতে ইউৰোপৰ প্ৰতিনিধিসকলক ইউৰোপীয় বৈদেশিক কাৰ্যসেৱাৰ নিৰাপত্তা আৰু প্ৰতিৰক্ষা নীতিৰ সঞ্চালক মাশ্বে ষ্টেডজেকে নেতৃত্ব দিয়ে। ভাৰত আৰু ইউৰোপীয় সংঘই বিশ্বৰ কল্যাণ তথা সৰ্বাংগীন বিকাশৰ বাবে সুৰক্ষিত সামুদ্রিক পৰিৱেশ বৰ্তাই ৰখাৰ বিভিন্ন বিষয়ত আলোচনা কৰে। দুয়োপক্ষই সামুদ্রিক ক্ষেত্ৰত বৰ্তমানে থকা সহযোগিতাৰ পৰ্যালোচনা কৰি ব্যাপক সামুদ্রিক নিৰাপত্তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক তন্ত্র শক্তিশালী কৰাৰ উপায় সন্দৰ্ভতো আলোচনা কৰে। তেওঁলোকে লগতে অবৈধ সামুদ্রিক কার্যকলাপ ৰোধ, গুৰুত্বপূৰ্ণ সামুদ্রিক আন্তঃগাঁথনিৰ সুৰক্ষা, আঞ্চলিক ক্ষমতাৰ বিকাশৰ দৰে ক্ষেত্ৰসমূহত সম্প্রতি চলাই থকা প্ৰচেষ্টাক অধিক শক্তিশালী কৰি তোলাৰ বাবে সন্মতি প্ৰকাশ কৰে।