March 22, 2025 12:44 PM

views 24

নতুন দিল্লীত কালি চতুর্থ ভাৰত-ইউৰোপীয় সংঘ সামুদ্রিক নিৰাপত্তা আলোচনা অনুষ্ঠিত

নতুন দিল্লীত কালি চতুর্থ ভাৰত-ইউৰোপীয় সংঘ সামুদ্রিক নিৰাপত্তা আলোচনা অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰস্ত্ৰকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা পৰিক্ৰমা বিভাৰ যুটীয়া সচিব মুৱানপুই ছেয়াৱিয়ে ভাৰতীয় প্ৰতিনিধিসকলক নেতৃত্ব দিয়ে। আনহাতে ইউৰোপৰ প্ৰতিনিধিসকলক ইউৰোপীয় বৈদেশিক কাৰ্যসেৱাৰ নিৰাপত্তা আৰু প্ৰতিৰক্ষা নীতিৰ সঞ্চালক মাশ্বে ষ্টেডজেকে নেতৃত্ব দিয়ে। ভাৰত আৰু ইউৰোপীয় সংঘই বিশ্বৰ কল্যাণ তথা সৰ্বাংগীন বিকাশৰ বাবে সুৰক্ষিত সামুদ্রিক পৰিৱেশ বৰ্তাই ৰখাৰ বিভিন্ন বিষয়ত আলোচনা কৰে। দুয়োপক...