ডাউনলোড
মোবাইল এপ

android apple
signal

May 26, 2025 12:24 PM | India Economy

printer

জাপানক অতিক্ৰমি ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতিত পৰিগণিত

ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতিত পৰিগণিত হৈছে। নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী বি.ভি.আৰ. সুব্রমন্যমে এই তথ্য প্ৰকাশ কৰি লগতে কয় যে, অহা আঢ়ৈ বছৰৰ পৰা তিনি বছৰৰ ভিতৰত ভাৰতে তৃতীয় স্থানত থকা জার্মানীকো চেৰ পেলোৱাতো সম্ভৱ হব। তেওঁ প্ৰকাশ কৰা মতে, IMF অর্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ তথ্য অনুসৰি ভাৰত এতিয়া চাৰি ট্ৰিলিয়ন ডলাৰৰঅর্থনীতি আৰু ভাৰততকৈ আগত আছে আমেৰিকা, চীন, তথা জার্মানী। IMF-এ নিজৰ শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰিছে যে বিশ্বৰ আটাইতকৈ দ্রুতগতিত অর্থনৈতিক বিকাশ ঘটা দেশ হিচাপে ভাৰতৰ এই যাত্রা অব্যাহত থাকিব আৰু অহা দুবছৰত বিশ্বৰ একমাত্ৰ দেশ হিচাপে ভাৰতৰ অর্থনৈতিক বিকাশ ৬ শতাংশতকৈ অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ২০১৫ চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ২ দশমিক ১ ট্ৰিলিয়ন ডলাৰ আছিল আৰু শেহতীয়াকৈ সেয়া ৪ দশমিক ৩ ট্রিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে ।

প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে, দ্রুত বিকাশৰ ফলত ২০২৮ চনৰ ভিতৰত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ৫ দশমিক ৫ ট্রিলিয়ন ডলাৰলৈ বৃদ্ধি হৈ জাৰ্মানীকো অতিক্ৰম কৰি ভাৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থনীতিৰূপে উন্নীত হব। উল্লেখযোগ্য যে, সম্প্ৰতি বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ তালিকাৰ শীৰ্ষত থকা আমেৰিকাৰ ২০২৫ বৰ্ষত মুঠ ঘৰুৱা উৎপাদন ৩০ দশমিক ৫ ট্ৰিলিয়ন ডলাৰ আৰু চীনৰ প্ৰায় ১৯ দশমিক ২ ট্রিলিয়ন ডলাৰ ৷

অধিক পঢ়ক

সকলো চাওক