January 9, 2026 8:29 PM

views 17

ভাৰতৰ অর্থনীতি চলিত বিত্তীয় বর্ষত ৭.২ শতাংশ হাৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে : ৰাষ্ট্ৰসংঘ

ৰাষ্ট্ৰসংঘৰ অর্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগে খৰচ আৰু ৰাজহুৱা বিনিয়োগৰ কাৰণে ভাৰতৰ অর্থনীতি চলিত বিত্তীয় বর্ষত ৭.২ শতাংশ হাৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি এখন প্রতিবেদনত প্রকাশ কৰিছে। বিশ্ব অর্থনৈতিক পৰিস্থিতি আৰু সম্ভাবনা ২০২৬ শীর্ষক প্রতিবেদনখনত ভাৰতে ২০২৬-২৭ বিত্তীয় বর্ষত ৬.৬ শতাংশ আৰু ২০২৭-২৮ বিত্তীয় বর্ষত ৬.৮ শতাংশ হাৰত বিকাশ লাভ কৰিব বুলিও পূর্বানুমান কৰা হৈছে। প্রতিবেদনখনত কোৱা হৈছে যে শেহতীয়া কৰ সংস্কাৰ আৰু মুদ্রা ব্যৱস্থাৰ সূচলতাই এই ক্ষেত্ৰত সহায় আগবঢ়াব।

September 5, 2025 8:56 PM

views 39

নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবঃ বিত্তমন্ত্রী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু এই ব্যৱস্থাই মূলধনী ব্যয়ত প্ৰভাৱ নেপেলায়। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত শ্ৰীমতী সীতাৰৰ্মনে কয় যে ৯৯% সামগ্ৰী আৰু সেৱা কৰ হয় শূন্য, নহয় ৫ৰ পৰা ১৮%  ভিতৰত ৰখা হৈছে। তেওঁ জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষতিপূৰণ শুল্ক আৰু বিস্তৃত প্ৰস্তাৱ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে পেট্ৰ'লিয়ামজাত সামগ্ৰী আৰু সুৰাৰ সামগ্ৰীক বৰ্তম...

September 4, 2025 3:54 PM

views 28

জি এছ টিৰ সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শেহতীয়া ব্যৱস্থাই সকলো পক্ষকে উপকৃত কৰিব

● সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শেহতীয়া ব্যৱস্থাই সকলো পক্ষকে উপকৃত কৰিব বুলি দেশৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণে মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাইও ইয়াৰ ফলত স্বাস্থ্য সেৱাৰ বাবে হোৱা ব্যয়ৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীত হ'ব বুলি আশা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীনাড্ডাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ ব্যৱস্থাই দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বা...

September 4, 2025 3:51 PM

views 10

জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছেঃ বিত্তমন্ত্ৰী

● জি এছ টি পৰিষদে জনসাধাৰণ, কৃষক আৰু কৃষি, স্বাস্থ্য খণ্ড, উদ্যোগকে ধৰি অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি সামগ্ৰী আৰু সেৱা কৰৰ যুক্তিগত সংস্কাৰ সাধনত অনুমোদন জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সাধাৰণ লোক আৰু মধ্যবিত্ত সামগ্ৰীসমূহৰ ওপৰত থকা জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে ব্যক্তিগত জীৱন বীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহৰ ক্ষেত্ৰত থকা ...

May 26, 2025 12:24 PM

views 37

জাপানক অতিক্ৰমি ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতিত পৰিগণিত

ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতিত পৰিগণিত হৈছে। নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী বি.ভি.আৰ. সুব্রমন্যমে এই তথ্য প্ৰকাশ কৰি লগতে কয় যে, অহা আঢ়ৈ বছৰৰ পৰা তিনি বছৰৰ ভিতৰত ভাৰতে তৃতীয় স্থানত থকা জার্মানীকো চেৰ পেলোৱাতো সম্ভৱ হ'ব। তেওঁ প্ৰকাশ কৰা মতে, IMF অর্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ তথ্য অনুসৰি ভাৰত এতিয়া 'চাৰি ট্ৰিলিয়ন ডলাৰৰ' অর্থনীতি আৰু ভাৰততকৈ আগত আছে আমেৰিকা, চীন, তথা জার্মানী। IMF-এ নিজৰ শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰিছে যে বিশ্বৰ আটাইতকৈ দ্রুতগতিত অর্থনৈ...