ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 13, 2024 12:37 PM | China | India

printer

লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ সন্মতি প্ৰকাশ ভাৰত আৰু চীনৰ

ভাৰত আৰু চীনে নিয়ন্ত্ৰণ ৰেখাৰ বাকী এলেকাসমূহৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি অহাৰ প্ৰয়াসৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু চীনৰ কমিউনিষ্ট পাৰ্টীৰ পোলিত ব্যুৰোৰ সদস্য তথা কেন্দ্ৰীয় বিদেশ পৰিক্ৰমা আয়োগৰ সঞ্চালক ৱাং য়িৰ মাজত ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত হোৱা বৈঠকত এই বিষয়ত সহমত গঢ়ি উঠে। ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ সুৰক্ষা বিষয়ৰ বাবে দায়িত্বত থকা উচ্চ পৰ্যায়ৰ বিষয়া আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাসকলৰ বৈঠকত ভাগ লোৱাৰ সুযোগতে এই আলোচনা অনুষ্ঠিত হয়। বৈঠকত অজিত দোভালে কয় যে, দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক কৰি তোলাৰ বাবে সকলো এলেকাত শান্তি আৰু বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাৰ প্ৰতি সন্মান অতি জৰুৰী। দুয়ো পক্ষই উভয় দেশৰ মাজত সম্পাদিত দ্বিপাক্ষিক চুক্তি আৰু নীতি-নিয়মসমূহ সম্পূৰ্ণ ৰূপে মানি চলা উচিত বুলিও তেওঁ মন্তব্য কৰে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে কৈছে যে, দুয়ো পক্ষই ভাৰত আৰু চীনৰ মাজৰ দ্বিপাধিক সম্পৰ্ক উভয় দেশৰ বাবে নহয় বৰং সমগ্র অঞ্চল আৰু বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ বুলি মতপোষণ কৰিছে ।