ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 30, 2024 8:00 PM | China | India

printer

সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ ভাৰত আৰু চীনৰ

ভাৰত আৰু চীনে সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক হোৱাৰ বাবে শান্তি প্রতিষ্ঠা তথা বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা অর্থাৎ এল এ চিৰ গুৰুত্ব দিয়াটো প্রাথমিক প্রয়োজন বুলি দোহাৰে। উল্লেখযোগ্য যে বেইজিঙত অনুষ্ঠিত ভাৰত-চীন সীমান্ত পৰিক্ৰমা সন্দৰ্ভত পৰামৰ্শ আৰু সমন্বয় সম্পৰ্কীয় কার্যতন্ত্ৰৰ ৩১সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকত বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পূব এছিয়াৰ যুটিয়া সচিব গৌৰাঙ্গলাল দাসে ভাৰতীয় প্ৰতিনিধিসকলৰ নেতৃত্ব দিয়ে। আনহাতে চীনৰ বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সীমা আৰু সমুদ্ৰ পৰিক্ৰমা বিভাগৰ সঞ্চালক প্রধান হং লিয়াঙে চীনৰ প্ৰতিনিধিসকলৰ নেতৃত্ব দিয়ে। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দুয়োপক্ষই বৰ্তমান পৰিস্থিত সন্দৰ্ভত মুক্ত, গঠনমূলক আৰু ভৱিষ্যদর্শী আলোচনা কৰাৰ লগতে এল এ চিৰ পৰিস্থিতি শীঘ্ৰে সমাধানৰ সন্দৰ্ভতো আলোচনা কৰে। দুয়োখন দেশে লগতে কূটনৈতিক আৰু সামৰিক ব্যৱস্থাৰ জৰিয়তে সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো সহমত প্ৰকাশ কৰে।