ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যৰ ১০৫খন প্ৰাথমিক বিদ্যালয়ত কালি ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন কৰা হয়। গোৱালপাৰা জিলাৰ বালিজানা শিক্ষাখণ্ডৰ অন্তৰ্গত কুৰুৱাভাষা বাইদামবুড়ি প্রাথমিক বিদ্যালয়ত কালি কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তনৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিংহ কোচৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই মাধ্যম প্ৰৱৰ্তনৰ শুভাৰম্ভ কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাভা জনগোষ্ঠীক অভিনন্দন জনাই জনগোষ্ঠীটোৰ কাৰণে এই দিনটো স্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰে। মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদানৰ বিষয়টো ভাৰতীয় সংবিধানত উল্লেখ আছে যদিও ইমানদিনে সেয়া সম্ভৱ হৈ উঠা নাছিল বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ প্ৰণয়নৰ পাছত এয়া সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰি ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন কৰাৰ লগে লগে ভাষাটোৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত অধিক সুবিধা হ’ব বুলি তেওঁ উল্লেখ কৰে। কালিৰ অনুষ্ঠানত ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভাৰ উপৰি ৰাভা জনগোষ্ঠীয় কেইবাটাও সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Site Admin | June 4, 2025 2:04 PM | inaugurating the teaching process in the Rabha language
ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যৰ ১০৫খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন
