ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 9, 2024 12:25 PM | IMD weather

printer

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত অহা ৫ দিনলৈ বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত অহা ৫ দিনলৈ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকণিৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা আৰু লাক্ষাদ্বীপতো অহা ৪ দিনলৈ বতৰ ডাৱৰীয়া হৈ থাকিব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। আনহাতে জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত আজি বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। ইপিনে, পূব আৰু মধ্য ভাৰতৰ কোনো কোনো অংশত অহা ৪ দিন পর্যন্ত গ্রীষ্মপ্রৱাহ অব্যাহত থাকিব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, পশ্চিমবংগ, ওড়িশা, পাঞ্জাব আৰু হাৰিয়ানাৰ কোনো কোনো ঠাইত অহা ১২ জুন পর্যন্ত গ্রীষ্মপ্রৱাহৰ সম্ভাৱনা আছে। পূব ভাৰতত কাইলৈ পর্যন্ত সর্বোচ্চ তাপমাত্ৰা আৰু ২ৰ পৰা ৩ ডিগ্রী বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। একেদৰে উত্তৰ-পশ্চিম ভাৰতত অহা ৪ দিনৰ সৰ্বোচ্চ তাপমাত্ৰা আৰু ৩ৰ পৰা ৪ ডিগ্ৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।