ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 4, 2025 12:39 PM | IMD

printer

৬ জুলাই পর্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৬ জুলাই পর্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বংগোপ সাগৰৰ পৰা জলীয় বাস্ত্ৰৰ প্ৰভাৱত আজিৰপৰা ৬ জুলাইলৈ ৰাজ্যৰ ঠাইবিশেষে বিজুলী থেৰেকণিৰে ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। আজি বৰপেটা আৰু বঙাইগাঁৱৰ কেতবোৰ ঠাইত ৭ ৰ পৰা ১১ ছেণ্টিমিটাৰৰ পৰা ১২ৰ পৰা ২০ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। একেদৰে কাইলৈ আৰু পৰহিলৈ পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ ঠাই বিশেষে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ইপিনে, বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যোৱা ২৪ ঘণ্টাত শিৱসাগৰৰ বিহুবৰত ১৫, ডিব্ৰুগড়ত ১০, নাহৰকটীয়াত ৯, মৰাণহাটত ৮, তিনিচুকীয়াৰ উদয়পুৰত ৮, কাৰ্বি আংলঙৰ বকলীয়াত ৬, নাজিৰাত ৫, শোণিতপুৰৰ গেলাবিলত ৫ আৰু লাহোৱালত ৫ ছেণ্টিমিটাৰ বৰষুণ হোৱা বুলি প্ৰকাশ কৰিছে।