ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানৰ ৭ এপ্ৰিলত গুৱাহাটীত হাফ মাৰাথন প্রতিযোগিতা

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানে বিগত বছৰসমূহৰ দৰে এই বছৰো ৭ এপ্ৰিলত গুৱাহাটীত হাফ মাৰাথন প্রতিযোগিতাৰ আয়োজন কৰিছে। এইবাৰ হাফ মাৰাথনৰ বিষয়বস্তু হৈছে -ৰান ফৰ ক্লীনাৰ টুমৰো। গুৱাহাটীৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানখনৰ আয়োজক সমিতিয়ে এই কথা সদৰি কৰে। তেওঁলোকে জনোৱা মতে, গুৱাহাটীৰ সৰুসজাই স্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়ামৰ পৰা সেইদিনা পুৱা ৫ বাজি ১৫ মিনিটত হাফ মাৰাথন আৰম্ভ হ’ব। ৰান ফৰ ক্লীনাৰ টুমৰো বিষয়বস্তুৰ জৰিয়তে গুৱাহাটীৰ পৰিস্কাৰ পৰিচ্ছন্নতা আৰু অনাময় ব্যৱস্থা সমাধানৰ সন্দৰ্ভত বাৰ্তা প্ৰচাৰৰ চেষ্টা কৰিছে।