ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ ভাৰতৰ, বাংলাদেশক ৬ উইকেটত পৰাস্ত

ভাৰতে আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতে যোৱানিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত বাংলাদেশে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৪৯ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২২৮ ৰান কৰে। বাংলাদেশৰ হৈ তৌহিদ হৃদয়ে ১০০ আৰু জাকেৰ আলীয়ে ৬৮ ৰান কৰে। ভাৰতৰ হৈ মহম্মদ ছামিয়ে ৫টা উইকেট দখল কৰে। হৰ্ষিত ৰাণাই তিনিটা আৰু অক্ষৰ পেটেলে দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে শুভমন গিলৰ ১০১ ৰানৰ সহায়ত ৪৬ অভাৰ আৰু ৩টা বলত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। গিলক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। প্রতিযোগিতাত আজি বিয়লি পাকিস্তানৰ কৰাচীত হ’বলগীয়া গ্ৰুপ বিৰ এখন খেলত আফগানিস্তান দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।