আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেটৰ দেওবাৰে চূড়ান্ত খেল

● আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হ’বলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।প্রতিযোগিতাৰ লাহোৰৰ গাড্ডাফি স্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ড দক্ষিণ আফ্ৰিকাক ৫০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ সৰ্বাধিক ৩৬৩ ৰানৰ বিজয় লক্ষ্য বান্ধি দি নিউজিলেণ্ডে দক্ষিণ আফ্রিকাক নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ৩১২ ৰানত সীমাবদ্ধ কৰি ৰাখে। দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিদ মিলাৰে অপৰাজিত ১০০, ৰেজি ভেণ্ডেৰ দাছেনে ৬৯ আৰু অধিনায়ক টেম্বা বেভুমাই ৫৬ ৰান কৰে। নিউজিলেণ্ডৰ হৈ অধিনায়ক মিটছেল চেণ্টনেৰে তিনিটা উইকেট দখল কৰাৰ লগতে মেট হেনৰী আৰু গ্ৰেণ্ড ফিলিপছে দুটাকৈ উইকেট লয়। ইয়াৰ পূর্বে নিউজিলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ছটা উইকেট হেৰুৱাই ৩৬২ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ৰছিন ৰবীন্দ্ৰই সৰ্বাধিক ১০৮ ৰাণ কৰে। কেন উইলিয়ামছনে ১০২ ৰাণৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ হৈ লুংগী এনগিডিয়ে তিনিটা আৰু কাগিছো ৰাবাডাই ২ টা উইকেট দখল কৰে।যোৱা মঙলবাৰে অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।