ডাউনলোড
মোবাইল এপ

android apple
signal

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে পৰীক্ষাকেন্দ্ৰ স্থাপন কৰিবলগীয়া বিদ্যালয়সমূহৰ তালিকা ১ ছেপ্টেম্বৰৰ ভিতৰত বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক দাখিলৰ নিৰ্দেশ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰৱৰ্তী হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষাকেন্দ্ৰ স্থাপন কৰিবলগীয়া বিদ্যালয়সমূহৰ তালিকা ১ ছেপ্টেম্বৰৰ ভিতৰত বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক দাখিল কৰিবলৈ নিৰ্দেশ দিছে। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, পৰীক্ষাৰ সময়ত হোৱা বিসংগতি দূৰ কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰসমূহ নতুনকৈ চিনাক্ত কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক নিৰ্দেশ দিছিল। এই নিৰ্দেশৰ ভিত্তিত বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলে পৰীক্ষা কেন্দ্ৰসমূহৰ নাম প্ৰস্তাৱ কৰিছে। পৰিদৰ্শকসকলে প্ৰস্তাৱ কৰা খচৰা পৰীক্ষা কেন্দ্ৰৰ তালিকা সংশ্লিষ্ট সকলো বিভাগকে প্ৰদান কৰিব লাগিব। শৈক্ষিক প্রতিষ্ঠানসমূহৰ মুৰব্বীসকলে খচৰা কেন্দ্ৰৰ তালিকা পৰীক্ষা কৰি যাৱতীয় ওজৰ-আপত্তিৰ লগতে পৰামৰ্শ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলৰ ওচৰত দাখিল কৰিব লাগিব। চলিত মাহৰ ২৭ তাৰিখৰ পূৰ্বে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকলে বিদ্যালয়ৰ পৰিদৰ্শকক বিদ্যালয়ৰ প্ৰয়োজনৰ লগতে পৰামৰ্শ প্ৰদান কৰিব পাৰিব। শিক্ষা পৰিষদৰ নিয়মাৱলীৰ বিধি অনুসৰি বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলে ওজৰ-আপত্তিৰ লগতে পৰামৰ্শসমূহ নিষ্পত্তি কৰি ১ ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা কেন্দ্ৰৰ চূড়ান্ত তালিকা দাখিল কৰিব লাগিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।