November 18, 2025 8:12 PM | Hornbill

printer

ব্রিটেইনক এই বছৰ হ’বলগীয়া হর্নবিল মহোৎসৱৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা

নাগালেণ্ড চৰকাৰে ব্রিটেইনক এই বছৰ হবলগীয়া হর্নবিল মহোৎসৱৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। চলিত বছৰৰ ১ৰ পৰা ১০ ডিচেম্বৰলৈকে কহিমাৰ কিচামা গাঁৱত এই মহোৎসৱ অনুষ্ঠিত হব। এই সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅআৰু ভাৰতৰ ব্ৰিটিছ কাউঞ্চিলৰ সঞ্চালক এলিচন বাৰেটৰ মাজত কালি এখন চুক্তি সম্পাদন হয়। চুক্তি সম্পাদনৰ সময়ত নতুন দিল্লীত ভাৰতৰ ব্রিটিছ উচ্চাযুক্ত লিন্ডী কেমেৰান আৰু দুয়োপক্ষৰ প্ৰতিনিধিবর্গ উপস্থিত থাকে।