December 2, 2025 10:06 PM

views 26

জনজাতীয় নৃত্য-গীতেৰে মুখৰ হর্নবিল মহোৎসৱ

নগা যুৱক-যুৱতীৰ আকৰ্ষণীয় লোকনৃত্য, দেশ-বিদেশৰ শিল্পীৰ সংগীত আৰু সুস্বাদু খাদ্য সম্ভাৰৰ জুতি ল’বলৈ নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত অনুষ্ঠিত হর্নবিল মহোৎসৱস্থলীত অগণন লোকৰ সমাগম হৈছে। জনজাতীয় নৃত্য-গীতে মুখৰ কৰি তোলা এই মহোৎসৱ বিভিন্ন হস্তকলা আৰু থলুৱা ক্রীড়া প্ৰতিভা প্ৰদৰ্শনৰো থলী হিচাপে বিবেচিত হৈছে। প্ৰতি সন্ধিয়া এই মহোৎসৱত সংগীতানুষ্ঠানে দর্শকসকলক আকৰ্ষিত কৰিছে উল্লেখযোগ্য যে কালিৰে পৰা ১০ দিনীয়াকৈ অনুষ্ঠিত এই মহোৎসৱত নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই মুখ্য অতিথি হিচাপে অংশ লয়। হর্ন...

November 18, 2025 8:12 PM

views 43

ব্রিটেইনক এই বছৰ হ’বলগীয়া হর্নবিল মহোৎসৱৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা

নাগালেণ্ড চৰকাৰে ব্রিটেইনক এই বছৰ হ'বলগীয়া হর্নবিল মহোৎসৱৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। চলিত বছৰৰ ১ৰ পৰা ১০ ডিচেম্বৰলৈকে ক'হিমাৰ কিচামা গাঁৱত এই মহোৎসৱ অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ' আৰু ভাৰতৰ ব্ৰিটিছ কাউঞ্চিলৰ সঞ্চালক এলিচন বাৰেটৰ মাজত কালি এখন চুক্তি সম্পাদন হয়। চুক্তি সম্পাদনৰ সময়ত নতুন দিল্লীত ভাৰতৰ ব্রিটিছ উচ্চাযুক্ত লিন্ডী কেমেৰান আৰু দুয়োপক্ষৰ প্ৰতিনিধিবর্গ উপস্থিত থাকে।