এফ আই এইচ হকী প্ৰ’ লীগত অংশগ্রহণৰ বাবে ২৪জনীয়া ভাৰতীয় পুৰুষ দল ঘোষণা হকী ইণ্ডিয়াৰ

হকী ইণ্ডিয়াই বেলজিয়ামৰ এণ্টৱাৰ্প আৰু লণ্ডনত হ’বলগীয়া এফ আই এইচ হকী প্ৰ’ লীগ ২০২৩-২৪ত অংশগ্রহণ কৰিবলগীয়া ২৪ জনীয়া ভাৰতীয় পুৰুষ দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। হৰমনপ্রীত সিঙক দলৰ অধিনায়ক আৰু হার্দিক সিঙক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। প্রতিযোগিতাৰ বেলজিয়াম পৰ্যায় ২২ মে’ৰ পৰা ৩০ মে’লৈ আৰু ইংলেণ্ড পৰ্যায় ১ জুনৰ পৰা ১২ জুনলৈ চলিব। ভাৰত দুয়োটা পৰ্যায়ত আর্জেণ্টিনা, বেলজিয়াম, জার্মানী আৰু গ্রেট ব্ৰিটেইনৰ বিৰুদ্ধে দুবাৰকৈ মুখামুখি হ’ব। আর্জেণ্টিনাৰ বিৰুদ্ধে ২২ মে’ত হ’বলগীয়া খেলেৰে ভাৰতে নিজৰ অভিযান আৰম্ভ কৰিব। ভাৰতে ৮খন মেচৰ পৰা লাভ কৰা ১৫ পইণ্টেৰে সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে।