December 4, 2024 12:13 PM | Asia Cup

printer

ভাৰত আৰু পাকিস্তানৰ মাজত আজি জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত

ওমানৰ মাস্কটত চলি থকা জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হব। বৰ্তমানৰ চেম্পিয়ন ভাৰতে কালি দ্বিতীয়খন ছেমি ফাইনেলত মালয়েছিয়াক ৩-১ গলত পৰাজিত কৰে। ভাৰতৰ হৈ খেলৰ ১০ মিনিটত দিলৰাজ সিং, ৪৫ মিনিটত ৰোহিত আৰু ৫২ মিনিটত সাৰদানন্দ তিৱাৰীয়ে গল কেইটা কৰে। পাকিস্তানে প্রথমখন ছেমি ফাইনেলত জাপানক ৪-২ গলত পৰাজিত কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।