বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতে কালি দক্ষিণ কোৰিয়াক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ জয় কৰে। এই জয়ৰ সুবাদত ভাৰতে নেডাৰলেণ্ডছ আৰু বেলজিয়ামত অহা বছৰ হ’বলগীয়া এফ আই এইচ হকী বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰে। ভাৰতে খেলখনৰ আৰম্ভণিতে সুখজিতৰ গ’লৰ সহায়ত প্ৰতিযোগিতাখনত আগবাঢ়ি থাকে। প্ৰথমাৰ্ধৰ সামৰণিৰ কিছু সময়ৰ পূৰ্বে খেলখনৰ ২৮ মিনিটত দিলপ্রীতে আনটো গ’ল দিয়ে। দিলপ্রীতে পুনৰ খেলখনৰ ৪৫ মিনিটত অধিনায়ক হৰমনপ্রীত সিং আৰু ৰাজিন্দৰৰ সুন্দৰ সহযোগিতাত তৃতীয়টো গ’ল দিয়ে ইয়াৰ পাছত খেলখনৰ ৫০ মিনিটত পেনাল্টি কর্নাৰৰ জৰিয়তে আন এটা গ’ল দি ভাৰতে ৪-০ৰ অগ্ৰগতি লাভ কৰে। দক্ষিণ কোৰিয়াই বহুদেৰিকৈ ছন ডেইনৰ পেনাল্টি কাৰৰ জৰিয়তে একমাত্ৰ গ’লটো দিয়ে। অৱশ্যে তেতিয়ালৈ ভাৰতে খেলখনত বিজয় সুনিশ্চিত কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া কাপত খিতাপ অৰ্জন কৰাৰ বাবে ভাৰতীয় হকী দলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে ভাৰতে যোৱাবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাজিত কৰি এই জয়ক বিশেষ কৰি তুলিলে। তেওঁ এয়া ভাৰতীয় হকী তথা ভাৰতীয় ক্রীড়াৰ বাবে অতি গৌৰৱৰ মুহূৰ্ত বুলি উল্লেখ কৰে। ইপিনে হকী ইণ্ডিয়াই দলটোৰ খেলুৱৈসকললৈ ৩ লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰিছে। দলটোৰ সহকাৰী সদস্যসকলকো ডেৰ লাখ টকাকৈ প্ৰদান কৰা হ’ব।