ডাউনলোড
মোবাইল এপ

android apple
signal

August 9, 2025 12:16 PM | Guwahati High Court

printer

বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ অনাশৈক্ষিক পদত কৰ্মৰত লোকসকলক স্কেল অনুযায়ী দৰমহা দিবলৈ নিৰ্দেশ জাৰি উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি পদ প্ৰাদেশিকীকৰণ হোৱা স্বত্বেও নিয়মীয়া দৰমহা লাভৰ পৰা বঞ্চিত বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ অনাশৈক্ষিক পদত কৰ্মৰত লোকসকলক স্কেল অনুযায়ী দৰমহা দিবলৈ নিৰ্দেশ জাৰি কৰিছে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এখন লেখ আৱেদনৰ শুনানিৰ অন্তত জাৰি কৰা নিৰ্দেশটোত অনাশৈক্ষিক পদবোৰৰ ভিতৰত জ্যেষ্ঠ সহায়ক, পুথিভঁৰাল সহায়ক আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলক  সামৰি লৈছে। এইসকল কৰ্মচাৰী বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, চিনিয়ৰ চেকেণ্ডেৰী স্কুল আৰু হাইস্কুলত কৰ্মৰত হৈ আছে। উল্লেখযোগ্য যে, ২০১৮ চনত অসম চৰকাৰে পদ প্ৰাদেশিকীকৰণ আইনখনত অনাশৈক্ষিক পদত কৰ্মৰতসকলৰ চাকৰি নিয়মীয়া নকৰি তেওঁলোকক স্থায়ী দৰমহা শিতানত অন্তৰ্ভুক্ত কৰিছিল। কালি জাৰি কৰা এই নিৰ্দেশটোত ন্যায়ালয়ে কয়, যে কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি কিমান হ’ব সেয়া শিক্ষা বিভাগে নিৰ্ধাৰণ কৰিব। ন্যায়ালয়ৰ এই নিৰ্দেশৰ জাননী বিভাগৰ হাতত পৰাৰ ৮ সপ্তাহৰ ভিতৰতে এই কাম কৰিব লাগিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক