ডাউনলোড
মোবাইল এপ

android apple
signal

আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্রালয়ে ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে আশুতোষ কুমাৰ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ আছিল। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনাইছিল। কলেজিয়ামৰ অনুমোদনৰ ভিত্তিত কালি আইন আৰু ন্যায় মন্ত্ৰালয়ে আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে।

অধিক পঢ়ক

সকলো চাওক