ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 17, 2024 8:20 PM | Guwahati High Court

printer

ম’হ যুঁজ আৰু বুলবুলি চৰাই যুঁজ সন্দৰ্ভত ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশাৱলী বাতিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

পেটা ইণ্ডিয়াই দাখিল কৰা এখন আবেদনৰ প্ৰতি সঁহাৰি জনাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰে মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজৰ অনুমতি দি ২০২৩ চনৰ ২৭ ডিচেম্বৰত জাৰি কৰা নিৰ্দেশাৱলী বাতিল কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি ন্যায়াধীশ দেৱাশীস বৰুৱাৰ বিচাৰপীঠত পেটা ইণ্ডিয়াৰ হৈ জ্যেষ্ঠ অধিবক্তা দিগন্ত দাসে বিতং তথ্য দাঙি ধৰি কয়, যে মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজে পশু হিংস্রতা প্ৰতিৰোধ আইন উলংঘা কৰিছে। বুলবুলি চৰাইৰ যুঁজে অতিৰিক্তভাৱে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ উলংঘা কৰা বুলিও জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে উল্লেখ কৰে। পেটা ইণ্ডিয়াই নিজৰ যুক্তিৰ সমৰ্থনত নিৰ্দেশাৱলীত উল্লেখ কৰা দিনৰ বাহিৰেও আন সময়তো এনে যুঁজ অনুষ্ঠিত কৰাৰ বহু উদাহৰণ দাঙি ধৰে। উল্লেখযোগ্য মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজত হোৱা নিমমতাৰ বিৰুদ্ধে সংস্থাটোৱে বিগত সময়ত তথ্য সংগ্ৰহ কৰি আহিছে।