January 8, 2026 7:46 PM | Hem chandra sharma

printer

হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ

অসমীয়া কাব্য সাহিত্যৰ জোনাকী যুগৰ ত্রিমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই উপলক্ষে কবিগৰাকীৰ জন্মস্থান গোলাঘাটৰ ঢেকিয়ালত জ্যোতি শাখা সাহিত্য সভাৰ উদ্যোগত হেমচন্দ্ৰ গোস্বামী স্মৃতি দিৱসৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে ঢেকিয়ালৰ গৌৰাংগ সত্ৰত প্ৰয়াত কবিগৰাকীৰ ১৮৭২ চনৰ ৮ জানুৱাৰীত জন্ম হৈছিল। বহুমুখী প্রতিভাৰ অধিকাৰী হেমচন্দ্ৰ গোস্বামী একেধাৰে সফল প্রশাসনিক বিষয়া, বুৰঞ্জীবিদ, পূৰাতত্ববিদ, সাংবাদিক, পণ্ডিত আৰু কবি আছিল। প্রথম অসমীয়া চনেট কবিতা প্রিয়তমাৰ চিঠি লিখি উলিওৱা এই সাহিত্যিকগৰাকীয়ে জীৱনজোৰা সাধনাৰে অসমীয়া ৰাইজক সমৃদ্ধ কৰি থৈ গৈছে। তথ্যপ্রযুক্তি, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে অসমীয়া ভাষা-সাহিত্যৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা মহান সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এটা বার্তাত কয় যে অসমীয়া সাহিত্যৰ আধুনিক চিন্তাধাৰাৰ আৰম্ভণি কৰা এইগৰাকী বৰেণ্য সত্ত্বাই ইটালীয় আৰ্হিৰ চনেট ৰচনা কৰিছিল। তেখেতৰ অমৰ সৃষ্টি প্রিয়তমাৰ চিঠিয়ে অসমীয়া কবিতাক নতুন ভাব-অনুভূতি আৰু শৈলীৰে সমৃদ্ধ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।