January 8, 2026 7:46 PM

views 21

হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ

অসমীয়া কাব্য সাহিত্যৰ জোনাকী যুগৰ ত্রিমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই উপলক্ষে কবিগৰাকীৰ জন্মস্থান গোলাঘাটৰ ঢেকিয়ালত জ্যোতি শাখা সাহিত্য সভাৰ উদ্যোগত হেমচন্দ্ৰ গোস্বামী স্মৃতি দিৱসৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে ঢেকিয়ালৰ গৌৰাংগ সত্ৰত প্ৰয়াত কবিগৰাকীৰ ১৮৭২ চনৰ ৮ জানুৱাৰীত জন্ম হৈছিল। বহুমুখী প্রতিভাৰ অধিকাৰী হেমচন্দ্ৰ গোস্বামী একেধাৰে সফল প্রশাসনিক বিষয়া, বুৰঞ্জীবিদ, পূৰাতত্ববিদ, সাংবাদিক, পণ্ডিত আৰু কবি আছিল। ...