ডাউনলোড
মোবাইল এপ

android apple
signal

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যজুৰি হৰ ঘৰ তিৰংগা কাৰ্যসূচী

যোৱা ২ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্য চৰকাৰৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগ সমলয় কাৰ্যসূচী, সমদল আদিৰ আয়োজন কৰিছে।

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগ সমলয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত আজি বিয়লি অনুষ্ঠিত কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত আজি বিভিন্ন চৰকাৰী বিভাগত হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গোৱালপাৰা পৌৰসভাৰ উদ্যোগত আয়োজিত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি গোৱালপাৰা নগৰৰ মাজেৰে ৰাষ্ট্ৰীয় পতাকা লৈ শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্রা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ খেলপথাৰত সামৰণি পৰে।

হোজাই জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আজি ত্ৰিৰংগ সমদল উলিওৱা হয়। হৰ ঘৰ তিৰংগা সমাৱেশৰ সময়ত হোজাই, ডবকা, লামডিং আৰু লংকা পৌৰসভাই আজি হোজাই নগৰত সজাগতা সভা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত নগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ আৰু সমাজখনক প্লাষ্টিকমুক্ত কৰিবলৈ আহ্বান জনোৱা হয়। সজাগতা সভা আৰু ত্ৰিৰংগ পতাকা লৈ শোভাযাত্ৰাত চৰকাৰী, বেচৰকাৰী সংস্থাৰ কৰ্মীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিৱসাগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত আজি খোজকঢ়া প্রতিযোগিতা অনুষ্ঠিত হয়। জ্যেষ্ঠ নাগৰিকৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাখন অতিৰিক্ত জিলা আয়ুক্ত গৌৰী প্ৰিয়া দেউৰীয়ে মুকলি কৰে।

যোৰহাটৰ বিধায়ক হিতেন্দ্ৰৰ নাথ গোস্বামীয়ে আজি যোৰহাট মণ্ডল সমিতিয়ে আয়োজন কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচীত ভাগ লয়। মণ্ডলটোৰ অন্তৰ্গত আটাইকেইখন পঞ্চায়তৰ পৰা অহা কার্যকৰ্তা সকলে দেশপ্রেমমূলক শ্ল’গান দি ত্ৰিৰংগ পতাকা লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। আনহাতে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশস্বৰূপে যোৰহাট জিলাৰ অন্তৰ্গত বিভিন্ন পানীযোগান আঁচনিসমূহত জলমিত্ৰ আৰু জল ব্যৱহাৰকাৰী সমিতিৰ বিষয়ববীয়াসকলে আজি ছাফাই কাৰ্যসূচী ৰূপায়ণ কৰে।

হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অধীনত ডিব্ৰুগড় জিলাত চাইকেল সমদল উলিওৱা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা ক্রীড়া বিভাগৰ সহযোগত আজি অনুষ্ঠিত এই সমদলত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

মাজুলী জিলা বিজেপিৰ নামনি মাজুলী মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ উদ্যোগত আৰু মহিলা মৰ্চা তথা স্থানীয় ৰাইজৰ সহযোগত আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচী অনুসৰি শতাধিক কৰ্মীয়ে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ শোভাযাত্ৰা কৰে।