ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ ভিন্ন প্ৰান্তত দেওবাৰে শিলাবৃষ্টি আৰু ধুমুহাত বিস্তৰ ক্ষতি

ৰাজ্যৰ ভিন্ন প্ৰান্তত কালি অহা শিলাবৃষ্টি আৰু ধুমুহাই বিস্তৰ ক্ষতি কৰিছে। ধুমুহা, বজ্ৰপাত আৰু নাও দুৰ্ঘটনাত চাৰি গৰাকী লোকৰ মৃত্যু হৈছে। কাছাৰ, পূব কাৰ্বি আংলং, ওদালগুৰি আৰু দক্ষিণ শালমাৰাত এগৰাকীকৈ লোকৰ প্রাণহানি হৈছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুই তিনিদিনলৈকে ধুমুহা-বৰষুণৰ লগতে শিলাবৃষ্টিও হ’ব বুলি বিভাগে প্ৰকাশ কৰিছে। হিমালয়ৰ পশ্চিমাঞ্চলত হোৱা বতৰৰ পৰিৱৰ্তনৰ ফলত অহা ৫ এপ্ৰিললৈকে উত্তৰ পূব ভাৰতৰ বতৰ শোচনীয় হৈ থাকিব বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।