ডিমা হাচাও জিলাৰ হাফলঙত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন এন এছ চি এনৰ তিনিজন সদস্যৰ মৃত্যু হয়। অসম আৰক্ষীৰ মুখ্য কার্যালয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি ডিমা হাচাও জিলাত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানক শেহতীয়াকৈ উগ্ৰপন্থীয়ে ধন দাবী কৰিছিল। আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে এই সংক্রান্তত জিলাখনৰ বিভিন্ন স্থানত উগ্ৰপন্থীৰ সন্ধানত বিগত ৩ দিন ধৰি অভিযান চলাই আহিছিল। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত কালি হাফলঙৰ ডিহামলাইৰ গভীৰ বনাঞ্চলত অভিযান চলোৱাৰ সময়তে সশস্ত্র উগ্ৰপন্থীৰ সৈতে মুখামুখি সংঘর্ষ হয়। আৰক্ষীয়ে সংঘৰ্ষৰ পাছত সেই স্থানৰ পৰা এন এছ চি এন তিনিজন সদস্যৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তিনিটা এ কে-৪৭ ৰাইফল উদ্ধাৰ কৰে। মৃত উগ্ৰপন্থীকেইজনক এতিয়াও চিনাক্ত কৰা হোৱা নাই। অঞ্চলটোত এতিয়াও ভালেসংখ্যক উগ্রপন্থী আত্মগোপন কৰাৰ তথ্য পোৱা গৈছে আৰু নিৰাপত্তা বাহিনীয়ে এতিয়াও অভিযান অব্যাহত ৰাখিছে।
Site Admin | April 30, 2025 12:29 PM | Haflong
হাফলঙত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ মাজৰ সংঘৰ্ষত এন এছ চি এনৰ ৩ জন সদস্যৰ মৃত্যু
