ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শীঘ্ৰে অসম ক্ষুদ্ৰ খনিজ ৰেহাই বিধি, ২০২৪ কাৰ্যকৰী কৰাৰ পোষকতা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত অবৈধ খনন ৰোধ কৰাৰ বাবে শীঘ্ৰে অসম ক্ষুদ্ৰ খনিজ ৰেহাই বিধি, ২০২৪ কাৰ্যকৰী কৰাৰ পোষকতা কৰিছে। ৰাজহুৱা স্বার্থজড়িত এখন আবেদন নিষ্পত্তি কৰি কালি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় কৃষ্ণ আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে অবৈধ খনন ৰোধ কৰাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশাৱলী ৰাজ্য চৰকাৰে সঠিকভাৱে পালন কৰিব বুলি আশা প্রকাশ কৰে। উল্লেখযোগ্য যে, ওদালগুৰি জিলাৰ ধনশিৰি বন সংমণ্ডল এলেকাত এজন লোকে অবৈধভাৱে শিল, বালিৰ খনন চলোৱাক লৈ অঞ্চলটোৰ এজন ব্যক্তিয়ে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল। এই আবেদনৰ শুনানি কালত ৰাজ্য চৰকাৰৰ হৈ বন বিভাগে অসমত অবৈধ খনন ৰোধৰ বাবে ইতিমধ্যে অসম ক্ষুদ্ৰ খনিজ ৰেহাই বিধি ২০২৪ৰ খছৰা প্ৰস্তুত কৰা হৈছে বুলি ন্যায়ালয়ক অৱগত কৰে। বন বিভাগৰ এই তথ্যৰ পাছত উচ্চ ন্যায়ালয়ে নতুন বিধিখন শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে লগতে ধনশিৰি বন সংমণ্ডল এলেকাত অবৈধ খনন চলোৱা লোকজনৰ বিৰুদ্ধে ছমাহৰ ভিতৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।