অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত প্রথম গুৱাহাটী শিশু মহোৎসৱৰ কালি তৃতীয় দিনাৰ কাৰ্যসূচী আৰতি হাজৰিকাৰ যোগাসন প্রশিক্ষণেৰে মুকলি কৰা হয়। অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক ৰবিজিতা গগৈ, নাট্য শিল্পী, ৰাজীৱ কুমাৰ সাউদ আৰু সোনম দেৱীয়ে নাট কর্মশালাত প্রশিক্ষণ দিয়ে। বিশিষ্ট মুকাভিনয় শিল্পী মইনুল হকে মুকাভিনয় আৰু দেৱকান্ত হাজৰিকা আৰু দিগন্ত হাজৰিকাই সুকুমাৰ কলাৰ কৰ্মশালাৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। যশস্বী নৃত্য পৰিচালক কমল নাথ আৰু প্ৰিয়ংকা কাশ্যপে নৃত্য তথা ৰাজ আহমেদ আৰু দীপক দাসে সংগীতৰ কৰ্মশালাত সমল ব্যক্তি হিচাপে প্রশিক্ষণ দিয়ে। বিয়লি অনিলাভা চেটার্জী পৰিচালিত মেছি নামৰ শিশু চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হয়। এভাৰেষ্ট জয়ী প্ৰখ্যাত পর্বতাৰোহী তৰুণ শইকীয়াই চলচ্চিত্র প্ৰদৰ্শনী মুকলি কৰে। বিশিষ্ট সংগীত শিল্পী, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন বিষয়া অৱনী ৰঞ্জন পাঠকে সাংস্কৃতিক কার্যসূচী উদ্বোধন কৰে৷ গুৱাহাটী শিশু মহোৎসৱত আজি সঁফুৰা বৃত্তি প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ উপৰি কেইবাগৰাকীও সাহিত্যিক আৰু সাংবাদিক উপস্থিত থকাৰ কথা।
Site Admin | July 13, 2025 1:40 PM | guwahati sishu mahotsav chandmari
গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত প্রথম গুৱাহাটী শিশু মহোৎসৱত যোগাসন, নাট, মূকাভিনয়, নৃত্যৰ কৰ্মশালা