গুৱাহাটী মহানগৰীৰ জল বোর্ডে সামৰি লোৱা অঞ্চলসমূহত অহা ১ জুলাইৰ পৰা গুৱাহাটী পৌৰ নিগমে পানী যোগান বন্ধ কৰিব। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই এখন জাননী যোগে এই কথা প্ৰকাশ কৰিছে। সেই অনুসৰি জল বোৰ্ডৰ অধীনত পানী সংযোগৰ বাবে পৌৰ নিগমৰ ৰেচন কার্ড থকা গ্রাহকসকলে ৩০ দিনৰ ভিতৰত আবেদন কৰিলে তেওঁলোকৰ বাবে পানী সংযোগৰ সমুদায় ৯,৫০০ টকা গুৱাহাটী পৌৰ নিগমে বহন কৰিব। জল বোৰ্ডৰ অধীনত পানী যোগান প্ৰক্ৰিয়াত নাগৰিকসকলক উৎসাহিত কৰাৰ বাবে নিগমে এই পদক্ষেপ গ্ৰহণ কৰিছে।
ইপিনে, পানবজাৰ পানী যোগান প্ৰকল্পত বৈদ্যুতিক খুঁটা সলনিৰ বাবে কাইলৈ আৰু পৰহিলৈ মহানগৰীৰ ১৬টা স্থানত পানীযোগান ব্যাহত হ’ব। নিগমে জাৰি কৰা এখন বিবৃতি অনুসৰি মেৰামতিৰ সময়ছোৱাত পানবজাৰ, ফাঁচী বজাৰ, আঠগাঁও, এ টি ৰোড, ছাত্ৰীবাৰী, পল্টন বজাৰ, ৰিহাবাৰী, কছাৰীবস্তি, বি বৰুৱা পথ, উলুবাৰী, গান্ধীবস্তি, দক্ষিণ শৰণীয়া, লাচিত নগৰ, ভঙাগড়, ৰাজগড় আৰু পূব শৰণীয়াত পানী যোগান ব্যাহত হ’ব।