March 22, 2025 11:55 AM

views 12

অহা ১ জুলাইৰ পৰা গুৱাহাটী মহানগৰীৰ জল বোর্ডে সামৰি লোৱা অঞ্চলসমূহত গুৱাহাটী পৌৰ নিগমৰ পানী যোগান বন্ধ

গুৱাহাটী মহানগৰীৰ জল বোর্ডে সামৰি লোৱা অঞ্চলসমূহত অহা ১ জুলাইৰ পৰা গুৱাহাটী পৌৰ নিগমে পানী যোগান বন্ধ কৰিব। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই এখন জাননী যোগে এই কথা প্ৰকাশ কৰিছে। সেই অনুসৰি জল বোৰ্ডৰ অধীনত পানী সংযোগৰ বাবে পৌৰ নিগমৰ ৰেচন কার্ড থকা গ্রাহকসকলে ৩০ দিনৰ ভিতৰত আবেদন কৰিলে তেওঁলোকৰ বাবে পানী সংযোগৰ সমুদায় ৯,৫০০ টকা গুৱাহাটী পৌৰ নিগমে বহন কৰিব। জল বোৰ্ডৰ অধীনত পানী যোগান প্ৰক্ৰিয়াত নাগৰিকসকলক উৎসাহিত কৰাৰ বাবে নিগমে এই পদক্ষেপ গ্ৰহণ কৰিছে। ইপিনে, পানবজাৰ পানী যোগান প্ৰকল্পত বৈদ্যুতিক খুঁটা ...