গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চলি থকা গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা A NEW LANDSCAPE OF INDIAN CONTENPORARY INDIE CINEMA : A CRICTIC OF NEW FILM MAKERS & NEW CHALLANGES শীর্ষক এখন আলোচনা চক্র অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত পৰিচালক আৰফাজ আয়ুব, শ্রুতিস্মৃতি চাংকাকতি, অভিলাস শৰ্মাৰ লগতে ভালেসংখ্যক চলচ্চিত্রপ্রেমী উপস্থিত থাকে। আলোচনা চক্ৰৰ আঁত ধৰে চলচ্চিত্ৰ সমালোচক প্রাঞ্জল বৰাই৷ এই চলচ্চিত্ৰ মহোৎসৱত দেশী-বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আজি মৃদুল গুপ্তা পৰিচালিত কাৰ্বি ছবি মিৰবিন আৰু ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত চীনৰ ছবি দ্যা গ্রেট ফুকেট প্ৰদৰ্শিত হয়। দিনৰ ভাগত শ্ৰুতিস্মৃতি চাংকাকতি পৰিচালিত বিফ’ৰ স্প্ৰীঙৰ লগতে ইন দ্যা নেইম অৱ ফায়াৰ নামৰ অভিলাস শৰ্মা পৰিচালিত চলচ্চিত্ৰখনো মহোৎসৱত প্ৰদৰ্শিত হয়। তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিন্ছ, শ্রীলংকা আৰু তুৰস্কৰ কুৰিখন নিৰ্বাচিত ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ-পূৰ্বাঞ্চলৰ ভালেকেইখন ছবি প্ৰদৰ্শনৰো দিহা কৰা হৈছে।
Site Admin | February 8, 2025 8:31 PM | guwahati jyoti citraban meeting
গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত আলোচনা-চক্ৰ
